15 : 1
الٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ وَقُرْءَانٍ مُّبِينٍ
আলিফ-লাম-ৰা,[1] এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰআনৰ আয়াত।
15 : 2
رُّبَمَا يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ لَوْ كَانُوا۟ مُسْلِمِينَ
কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুছলিম হ’লহেঁতেন!
15 : 3
ذَرْهُمْ يَأْكُلُوا۟ وَيَتَمَتَّعُوا۟ وَيُلْهِهِمُ ٱلْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ
এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা-আকাংক্ষাই সিহঁতক মোহাচ্ছন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
15 : 4
وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌ مَّعْلُومٌ
আৰু আমি যি জনপদকেই ধ্বংস কৰিছোঁ, তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
15 : 5
مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ
কোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে।
15 : 6
وَقَالُوا۟ يَـٰٓأَيُّهَا ٱلَّذِى نُزِّلَ عَلَيْهِ ٱلذِّكْرُ إِنَّكَ لَمَجْنُونٌ
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ (কোৰআন) অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছা এজন উন্মাদ’।
15 : 7
لَّوْ مَا تَأْتِينَا بِٱلْمَلَـٰٓئِكَةِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিস্তা উপস্থিত নকৰা কিয়?
15 : 8
مَا نُنَزِّلُ ٱلْمَلَـٰٓئِكَةَ إِلَّا بِٱلْحَقِّ وَمَا كَانُوٓا۟ إِذًا مُّنظَرِينَ
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন।
15 : 9
إِنَّا نَحْنُ نَزَّلْنَا ٱلذِّكْرَ وَإِنَّا لَهُۥ لَحَـٰفِظُونَ
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
15 : 10
وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ فِى شِيَعِ ٱلْأَوَّلِينَ
নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছিলোঁ।
15 : 11
وَمَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল, যাক সিহঁতে উপহাস কৰা নাছিল।
15 : 12
كَذَٰلِكَ نَسْلُكُهُۥ فِى قُلُوبِ ٱلْمُجْرِمِينَ
এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ,
15 : 13
لَا يُؤْمِنُونَ بِهِۦ ۖ وَقَدْ خَلَتْ سُنَّةُ ٱلْأَوَّلِينَ
ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
15 : 14
وَلَوْ فَتَحْنَا عَلَيْهِم بَابًا مِّنَ ٱلسَّمَآءِ فَظَلُّوا۟ فِيهِ يَعْرُجُونَ
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন,
15 : 15
لَقَالُوٓا۟ إِنَّمَا سُكِّرَتْ أَبْصَـٰرُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُورُونَ
তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টিক সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
15 : 16
وَلَقَدْ جَعَلْنَا فِى ٱلسَّمَآءِ بُرُوجًا وَزَيَّنَّـٰهَا لِلنَّـٰظِرِينَ
আৰু নিশ্চয় আমি আকাশত বৰুজসমূহ (গ্ৰহ-নক্ষত্ৰসমূহ) সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ।
15 : 17
وَحَفِظْنَـٰهَا مِن كُلِّ شَيْطَـٰنٍ رَّجِيمٍ
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ;
15 : 18
إِلَّا مَنِ ٱسْتَرَقَ ٱلسَّمْعَ فَأَتْبَعَهُۥ شِهَابٌ مُّبِينٌ
কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাক চোঁচা লয়।
15 : 19
وَٱلْأَرْضَ مَدَدْنَـٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ شَىْءٍ مَّوْزُونٍ
আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ, আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছোঁ সুপৰিমিতভাৱে,
15 : 20
وَجَعَلْنَا لَكُمْ فِيهَا مَعَـٰيِشَ وَمَن لَّسْتُمْ لَهُۥ بِرَٰزِقِينَ
আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও (জীৱিকাৰ ব্যৱস্থা কৰিছোঁ)।
15 : 21
وَإِن مِّن شَىْءٍ إِلَّا عِندَنَا خَزَآئِنُهُۥ وَمَا نُنَزِّلُهُۥٓ إِلَّا بِقَدَرٍ مَّعْلُومٍ
আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমিয়েই সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ।
15 : 22
وَأَرْسَلْنَا ٱلرِّيَـٰحَ لَوَٰقِحَ فَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءً فَأَسْقَيْنَـٰكُمُوهُ وَمَآ أَنتُمْ لَهُۥ بِخَـٰزِنِينَ
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ, সেই পানী তোমালোকক সেৱন কৰাওঁ; অথচ তোমালোকে ইয়াক (সেই) ভাণ্ডাৰত সঞ্চয় নকৰা।
15 : 23
وَإِنَّا لَنَحْنُ نُحْىِۦ وَنُمِيتُ وَنَحْنُ ٱلْوَٰرِثُونَ
নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ, আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
15 : 24
وَلَقَدْ عَلِمْنَا ٱلْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا ٱلْمُسْتَـْٔخِرِينَ
আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতকো জানো, লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে।
15 : 25
وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُۥ حَكِيمٌ عَلِيمٌ
নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
15 : 26
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা,
15 : 27
وَٱلْجَآنَّ خَلَقْنَـٰهُ مِن قَبْلُ مِن نَّارِ ٱلسَّمُومِ
আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা।
15 : 28
وَإِذْ قَالَ رَبُّكَ لِلْمَلَـٰٓئِكَةِ إِنِّى خَـٰلِقٌۢ بَشَرًا مِّن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ;
15 : 29
فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَـٰجِدِينَ
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
15 : 30
فَسَجَدَ ٱلْمَلَـٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ
তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,
15 : 31
إِلَّآ إِبْلِيسَ أَبَىٰٓ أَن يَكُونَ مَعَ ٱلسَّـٰجِدِينَ
কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
15 : 32
قَالَ يَـٰٓإِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ ٱلسَّـٰجِدِينَ
আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?
15 : 33
قَالَ لَمْ أَكُن لِّأَسْجُدَ لِبَشَرٍ خَلَقْتَهُۥ مِن صَلْصَـٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ
সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’।
15 : 34
قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ
তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;
15 : 35
وَإِنَّ عَلَيْكَ ٱللَّعْنَةَ إِلَىٰ يَوْمِ ٱلدِّينِ
আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
15 : 36
قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ
সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
15 : 37
قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
15 : 38
إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
15 : 39
قَالَ رَبِّ بِمَآ أَغْوَيْتَنِى لَأُزَيِّنَنَّ لَهُمْ فِى ٱلْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ
সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম,
15 : 40
إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
15 : 41
قَالَ هَـٰذَا صِرَٰطٌ عَلَىَّ مُسْتَقِيمٌ
আল্লাহে ক’লে, ‘এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
15 : 42
إِنَّ عِبَادِى لَيْسَ لَكَ عَلَيْهِمْ سُلْطَـٰنٌ إِلَّا مَنِ ٱتَّبَعَكَ مِنَ ٱلْغَاوِينَ
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;
15 : 43
وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ
‘নিশ্চয় জাহান্নাম হৈছে সিহঁত (তোমাৰ অনুসাৰীসকলৰ) আটায়েৰে প্ৰতিশ্ৰুত স্থান’,
15 : 44
لَهَا سَبْعَةُ أَبْوَٰبٍ لِّكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُومٌ
‘সেই(জাহান্নাম)ৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ (চয়তানৰ অনুসাৰীসকলৰ) বাবে নিৰ্দিষ্ট অংশ আছে’।
15 : 45
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍ وَعُيُونٍ
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
15 : 46
ٱدْخُلُوهَا بِسَلَـٰمٍ ءَامِنِينَ
(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
15 : 47
وَنَزَعْنَا مَا فِى صُدُورِهِم مِّنْ غِلٍّ إِخْوَٰنًا عَلَىٰ سُرُرٍ مُّتَقَـٰبِلِينَ
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,
15 : 48
لَا يَمَسُّهُمْ فِيهَا نَصَبٌ وَمَا هُم مِّنْهَا بِمُخْرَجِينَ
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ’ব।
15 : 49
۞ نَبِّئْ عِبَادِىٓ أَنِّىٓ أَنَا ٱلْغَفُورُ ٱلرَّحِيمُ
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই অতি ক্ষমাশীল, পৰম দয়ালু,
15 : 50
وَأَنَّ عَذَابِى هُوَ ٱلْعَذَابُ ٱلْأَلِيمُ
আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!
15 : 51
وَنَبِّئْهُمْ عَن ضَيْفِ إِبْرَٰهِيمَ
আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,
15 : 52
إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَـٰمًا قَالَ إِنَّا مِنكُمْ وَجِلُونَ
যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) তেওঁৰ ওচৰত উপস্থিত হৈ কৈছিল, ‘ছালাম’, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
15 : 53
قَالُوا۟ لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ عَلِيمٍ
তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ’।
15 : 54
قَالَ أَبَشَّرْتُمُونِى عَلَىٰٓ أَن مَّسَّنِىَ ٱلْكِبَرُ فَبِمَ تُبَشِّرُونَ
তেওঁ ক’লে, ‘মোক বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?
15 : 55
قَالُوا۟ بَشَّرْنَـٰكَ بِٱلْحَقِّ فَلَا تَكُن مِّنَ ٱلْقَـٰنِطِينَ
তেওঁলোকে ক’লে, ‘আমি আপোনাক সত্য সুসংবাদ দি আছোঁ; এতেকে আপুনি নিৰাশ নহ’ব’।
15 : 56
قَالَ وَمَن يَقْنَطُ مِن رَّحْمَةِ رَبِّهِۦٓ إِلَّا ٱلضَّآلُّونَ
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?
15 : 57
قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ
তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?
15 : 58
قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍ مُّجْرِمِينَ
তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে---
15 : 59
إِلَّآ ءَالَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ
কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,
15 : 60
إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَآ ۙ إِنَّهَا لَمِنَ ٱلْغَـٰبِرِينَ
কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছোঁ যে, নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব’।
15 : 61
فَلَمَّا جَآءَ ءَالَ لُوطٍ ٱلْمُرْسَلُونَ
তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লূত পৰিয়ালৰ ওচৰলৈ আহিল,
15 : 62
قَالَ إِنَّكُمْ قَوْمٌ مُّنكَرُونَ
তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
15 : 63
قَالُوا۟ بَلْ جِئْنَـٰكَ بِمَا كَانُوا۟ فِيهِ يَمْتَرُونَ
তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাকলৈ সিহঁতে সন্দেহ পোষণ কৰিছিল’;
15 : 64
وَأَتَيْنَـٰكَ بِٱلْحَقِّ وَإِنَّا لَصَـٰدِقُونَ
‘আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী’;
15 : 65
فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِّنَ ٱلَّيْلِ وَٱتَّبِعْ أَدْبَـٰرَهُمْ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌ وَٱمْضُوا۟ حَيْثُ تُؤْمَرُونَ
‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওক’।
15 : 66
وَقَضَيْنَآ إِلَيْهِ ذَٰلِكَ ٱلْأَمْرَ أَنَّ دَابِرَ هَـٰٓؤُلَآءِ مَقْطُوعٌ مُّصْبِحِينَ
আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব।
15 : 67
وَجَآءَ أَهْلُ ٱلْمَدِينَةِ يَسْتَبْشِرُونَ
আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ’ল।
15 : 68
قَالَ إِنَّ هَـٰٓؤُلَآءِ ضَيْفِى فَلَا تَفْضَحُونِ
তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
15 : 69
وَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخْزُونِ
‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
15 : 70
قَالُوٓا۟ أَوَلَمْ نَنْهَكَ عَنِ ٱلْعَـٰلَمِينَ
সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোঁনে’?
15 : 71
قَالَ هَـٰٓؤُلَآءِ بَنَاتِىٓ إِن كُنتُمْ فَـٰعِلِينَ
লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰা)’।
15 : 72
لَعَمْرُكَ إِنَّهُمْ لَفِى سَكْرَتِهِمْ يَعْمَهُونَ
(হে নবী) তোমাৰ আয়ুৰ শপত! নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
15 : 73
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُشْرِقِينَ
ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে;
15 : 74
فَجَعَلْنَا عَـٰلِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهِمْ حِجَارَةً مِّن سِجِّيلٍ
তাৰ পিছত আমি (সিহঁতৰ) জনপদক ওলোটাই তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ।
15 : 75
إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّلْمُتَوَسِّمِينَ
নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে।
15 : 76
وَإِنَّهَا لَبِسَبِيلٍ مُّقِيمٍ
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
15 : 77
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّلْمُؤْمِنِينَ
নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
15 : 78
وَإِن كَانَ أَصْحَـٰبُ ٱلْأَيْكَةِ لَظَـٰلِمِينَ
আৰু আইকাহবাসীও আছিল সীমালংঘনকাৰী,
15 : 79
فَٱنتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍ مُّبِينٍ
এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ, আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
15 : 80
وَلَقَدْ كَذَّبَ أَصْحَـٰبُ ٱلْحِجْرِ ٱلْمُرْسَلِينَ
আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল;
15 : 81
وَءَاتَيْنَـٰهُمْ ءَايَـٰتِنَا فَكَانُوا۟ عَنْهَا مُعْرِضِينَ
আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল।
15 : 82
وَكَانُوا۟ يَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا ءَامِنِينَ
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
15 : 83
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُصْبِحِينَ
তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল।
15 : 84
فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ
এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
15 : 85
وَمَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ ۗ وَإِنَّ ٱلسَّاعَةَ لَـَٔاتِيَةٌ ۖ فَٱصْفَحِ ٱلصَّفْحَ ٱلْجَمِيلَ
আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
15 : 86
إِنَّ رَبَّكَ هُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ
নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাস্ৰষ্টা, মহাজ্ঞানী।
15 : 87
وَلَقَدْ ءَاتَيْنَـٰكَ سَبْعًا مِّنَ ٱلْمَثَانِى وَٱلْقُرْءَانَ ٱلْعَظِيمَ
আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
15 : 88
لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَٱخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),
15 : 89
وَقُلْ إِنِّىٓ أَنَا ٱلنَّذِيرُ ٱلْمُبِينُ
আৰু কোৱা, ‘নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী’।
15 : 90
كَمَآ أَنزَلْنَا عَلَى ٱلْمُقْتَسِمِينَ
যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত;
15 : 91
ٱلَّذِينَ جَعَلُوا۟ ٱلْقُرْءَانَ عِضِينَ
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
15 : 92
فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ أَجْمَعِينَ
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,
15 : 93
عَمَّا كَانُوا۟ يَعْمَلُونَ
সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
15 : 94
فَٱصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ ٱلْمُشْرِكِينَ
এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
15 : 95
إِنَّا كَفَيْنَـٰكَ ٱلْمُسْتَهْزِءِينَ
নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,
15 : 96
ٱلَّذِينَ يَجْعَلُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۚ فَسَوْفَ يَعْلَمُونَ
যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই সিহঁতে (ইয়াৰ পৰিণাম) জানিব পাৰিব।
15 : 97
وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ
আমি এই কথা নিশ্চিতভাৱে জানো যে, সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়;
15 : 98
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُن مِّنَ ٱلسَّـٰجِدِينَ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।
15 : 99
وَٱعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ ٱلْيَقِينُ
আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।