56 : 1
إِذَا وَقَعَتِ ٱلْوَاقِعَةُ
যেতিয়া কিয়ামত সংঘটিত হ’ব,
★
56 : 2
لَيْسَ لِوَقْعَتِهَا كَاذِبَةٌ
(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।
★
56 : 3
خَافِضَةٌ رَّافِعَةٌ
ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
★
56 : 4
إِذَا رُجَّتِ ٱلْأَرْضُ رَجًّا
যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
★
56 : 5
وَبُسَّتِ ٱلْجِبَالُ بَسًّا
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
★
56 : 6
فَكَانَتْ هَبَآءً مُّنۢبَثًّا
ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
★
56 : 7
وَكُنتُمْ أَزْوَٰجًا ثَلَـٰثَةً
আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----
★
56 : 8
فَأَصْحَـٰبُ ٱلْمَيْمَنَةِ مَآ أَصْحَـٰبُ ٱلْمَيْمَنَةِ
এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
★
56 : 9
وَأَصْحَـٰبُ ٱلْمَشْـَٔمَةِ مَآ أَصْحَـٰبُ ٱلْمَشْـَٔمَةِ
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
★
56 : 10
وَٱلسَّـٰبِقُونَ ٱلسَّـٰبِقُونَ
আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
★
56 : 11
أُو۟لَـٰٓئِكَ ٱلْمُقَرَّبُونَ
তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
★
56 : 12
فِى جَنَّـٰتِ ٱلنَّعِيمِ
(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,
★
56 : 13
ثُلَّةٌ مِّنَ ٱلْأَوَّلِينَ
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
★
56 : 14
وَقَلِيلٌ مِّنَ ٱلْـَٔاخِرِينَ
আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
★
56 : 15
عَلَىٰ سُرُرٍ مَّوْضُونَةٍ
সোণেৰে নিৰ্মিত আসনমূহত,
★
56 : 16
مُّتَّكِـِٔينَ عَلَيْهَا مُتَقَـٰبِلِينَ
তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
★
56 : 17
يَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ
তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,
★
56 : 18
بِأَكْوَابٍ وَأَبَارِيقَ وَكَأْسٍ مِّن مَّعِينٍ
প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
★
56 : 19
لَّا يُصَدَّعُونَ عَنْهَا وَلَا يُنزِفُونَ
সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
★
56 : 20
وَفَـٰكِهَةٍ مِّمَّا يَتَخَيَّرُونَ
আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
★
56 : 21
وَلَحْمِ طَيْرٍ مِّمَّا يَشْتَهُونَ
আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
★
56 : 22
وَحُورٌ عِينٌ
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
★
56 : 23
كَأَمْثَـٰلِ ٱللُّؤْلُؤِ ٱلْمَكْنُونِ
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
★
56 : 24
جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ
তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
★
56 : 25
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا
তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
★
56 : 26
إِلَّا قِيلًا سَلَـٰمًا سَلَـٰمًا
শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।
★
56 : 27
وَأَصْحَـٰبُ ٱلْيَمِينِ مَآ أَصْحَـٰبُ ٱلْيَمِينِ
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
★
56 : 28
فِى سِدْرٍ مَّخْضُودٍ
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
★
56 : 29
وَطَلْحٍ مَّنضُودٍ
আৰু থোকেৰে ভৰা কল গছ,
★
56 : 30
وَظِلٍّ مَّمْدُودٍ
আৰু সম্প্ৰসাৰিত ছাঁ,
★
56 : 31
وَمَآءٍ مَّسْكُوبٍ
আৰু সদায় প্ৰবাহমান পানী,
★
56 : 32
وَفَـٰكِهَةٍ كَثِيرَةٍ
আৰু প্ৰচুৰ ফল-মূল,
★
56 : 33
لَّا مَقْطُوعَةٍ وَلَا مَمْنُوعَةٍ
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
★
56 : 34
وَفُرُشٍ مَّرْفُوعَةٍ
লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;
★
56 : 35
إِنَّآ أَنشَأْنَـٰهُنَّ إِنشَآءً
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
★
56 : 36
فَجَعَلْنَـٰهُنَّ أَبْكَارًا
তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
★
56 : 37
عُرُبًا أَتْرَابًا
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
★
56 : 38
لِّأَصْحَـٰبِ ٱلْيَمِينِ
সোঁফালৰ লোকসকলৰ বাবে।
★
56 : 39
ثُلَّةٌ مِّنَ ٱلْأَوَّلِينَ
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
★
56 : 40
وَثُلَّةٌ مِّنَ ٱلْـَٔاخِرِينَ
আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
★
56 : 41
وَأَصْحَـٰبُ ٱلشِّمَالِ مَآ أَصْحَـٰبُ ٱلشِّمَالِ
আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
★
56 : 42
فِى سَمُومٍ وَحَمِيمٍ
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
★
56 : 43
وَظِلٍّ مِّن يَحْمُومٍ
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
★
56 : 44
لَّا بَارِدٍ وَلَا كَرِيمٍ
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
★
56 : 45
إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُتْرَفِينَ
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
★
56 : 46
وَكَانُوا۟ يُصِرُّونَ عَلَى ٱلْحِنثِ ٱلْعَظِيمِ
আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।
★
56 : 47
وَكَانُوا۟ يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
★
56 : 48
أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ
‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
★
56 : 49
قُلْ إِنَّ ٱلْأَوَّلِينَ وَٱلْـَٔاخِرِينَ
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
★
56 : 50
لَمَجْمُوعُونَ إِلَىٰ مِيقَـٰتِ يَوْمٍ مَّعْلُومٍ
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
★
56 : 51
ثُمَّ إِنَّكُمْ أَيُّهَا ٱلضَّآلُّونَ ٱلْمُكَذِّبُونَ
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
★
56 : 52
لَـَٔاكِلُونَ مِن شَجَرٍ مِّن زَقُّومٍ
নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
★
56 : 53
فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ
সেইটোৰেই তোমালোকে পেট ভৰাবা,
★
56 : 54
فَشَـٰرِبُونَ عَلَيْهِ مِنَ ٱلْحَمِيمِ
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
★
56 : 55
فَشَـٰرِبُونَ شُرْبَ ٱلْهِيمِ
তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
★
56 : 56
هَـٰذَا نُزُلُهُمْ يَوْمَ ٱلدِّينِ
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
★
56 : 57
نَحْنُ خَلَقْنَـٰكُمْ فَلَوْلَا تُصَدِّقُونَ
আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
★
56 : 58
أَفَرَءَيْتُم مَّا تُمْنُونَ
তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
★
56 : 59
ءَأَنتُمْ تَخْلُقُونَهُۥٓ أَمْ نَحْنُ ٱلْخَـٰلِقُونَ
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
★
56 : 60
نَحْنُ قَدَّرْنَا بَيْنَكُمُ ٱلْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--
★
56 : 61
عَلَىٰٓ أَن نُّبَدِّلَ أَمْثَـٰلَكُمْ وَنُنشِئَكُمْ فِى مَا لَا تَعْلَمُونَ
(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
★
56 : 62
وَلَقَدْ عَلِمْتُمُ ٱلنَّشْأَةَ ٱلْأُولَىٰ فَلَوْلَا تَذَكَّرُونَ
আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
★
56 : 63
أَفَرَءَيْتُم مَّا تَحْرُثُونَ
তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
★
56 : 64
ءَأَنتُمْ تَزْرَعُونَهُۥٓ أَمْ نَحْنُ ٱلزَّٰرِعُونَ
সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
★
56 : 65
لَوْ نَشَآءُ لَجَعَلْنَـٰهُ حُطَـٰمًا فَظَلْتُمْ تَفَكَّهُونَ
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
★
56 : 66
إِنَّا لَمُغْرَمُونَ
(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,
★
56 : 67
بَلْ نَحْنُ مَحْرُومُونَ
‘বৰং আমি বঞ্চিত’।
★
56 : 68
أَفَرَءَيْتُمُ ٱلْمَآءَ ٱلَّذِى تَشْرَبُونَ
তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?
★
56 : 69
ءَأَنتُمْ أَنزَلْتُمُوهُ مِنَ ٱلْمُزْنِ أَمْ نَحْنُ ٱلْمُنزِلُونَ
মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?
★
56 : 70
لَوْ نَشَآءُ جَعَلْنَـٰهُ أُجَاجًا فَلَوْلَا تَشْكُرُونَ
আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?
★
56 : 71
أَفَرَءَيْتُمُ ٱلنَّارَ ٱلَّتِى تُورُونَ
তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?
★
56 : 72
ءَأَنتُمْ أَنشَأْتُمْ شَجَرَتَهَآ أَمْ نَحْنُ ٱلْمُنشِـُٔونَ
তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
★
56 : 73
نَحْنُ جَعَلْنَـٰهَا تَذْكِرَةً وَمَتَـٰعًا لِّلْمُقْوِينَ
ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।
★
56 : 74
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
★
56 : 75
۞ فَلَآ أُقْسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ
এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
★
56 : 76
وَإِنَّهُۥ لَقَسَمٌ لَّوْ تَعْلَمُونَ عَظِيمٌ
আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--
★
56 : 77
إِنَّهُۥ لَقُرْءَانٌ كَرِيمٌ
নিশ্চয় এইখন মহিমান্বিত কোৰআন,
★
56 : 78
فِى كِتَـٰبٍ مَّكْنُونٍ
যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
★
56 : 79
لَّا يَمَسُّهُۥٓ إِلَّا ٱلْمُطَهَّرُونَ
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
★
56 : 80
تَنزِيلٌ مِّن رَّبِّ ٱلْعَـٰلَمِينَ
এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
★
56 : 81
أَفَبِهَـٰذَا ٱلْحَدِيثِ أَنتُم مُّدْهِنُونَ
তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
★
56 : 82
وَتَجْعَلُونَ رِزْقَكُمْ أَنَّكُمْ تُكَذِّبُونَ
আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
★
56 : 83
فَلَوْلَآ إِذَا بَلَغَتِ ٱلْحُلْقُومَ
এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
★
56 : 84
وَأَنتُمْ حِينَئِذٍ تَنظُرُونَ
আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
★
56 : 85
وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنكُمْ وَلَـٰكِن لَّا تُبْصِرُونَ
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
★
56 : 86
فَلَوْلَآ إِن كُنتُمْ غَيْرَ مَدِينِينَ
এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
★
56 : 87
تَرْجِعُونَهَآ إِن كُنتُمْ صَـٰدِقِينَ
তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
★
56 : 88
فَأَمَّآ إِن كَانَ مِنَ ٱلْمُقَرَّبِينَ
তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
★
56 : 89
فَرَوْحٌ وَرَيْحَانٌ وَجَنَّتُ نَعِيمٍ
তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
★
56 : 90
وَأَمَّآ إِن كَانَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ
আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
★
56 : 91
فَسَلَـٰمٌ لَّكَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ
তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
★
56 : 92
وَأَمَّآ إِن كَانَ مِنَ ٱلْمُكَذِّبِينَ ٱلضَّآلِّينَ
কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
★
56 : 93
فَنُزُلٌ مِّنْ حَمِيمٍ
তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
★
56 : 94
وَتَصْلِيَةُ جَحِيمٍ
আৰু জাহান্নামৰ দহনেৰে;
★
56 : 95
إِنَّ هَـٰذَا لَهُوَ حَقُّ ٱلْيَقِينِ
নিশ্চয় এইটো সুনিশ্চিত সত্য।
★
56 : 96
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
★